Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 16:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা।

অধ্যায়টো চাওক কপি কৰক




যিহি 16:17
14 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।


মই তোমাক অলঙ্কাৰেৰেও সজালোঁ, তোমাৰ হাতত খাৰু আৰু ডিঙিত হাৰ দিলোঁ।


মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।


এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা।


আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।


আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা।


ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।


তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন