12 মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।
পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ।
শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। প্রিয়াৰ কথা:
সেই দিনা বাহিনীসকলৰ যিহোৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোঁতা মুকুটস্বৰূপ হ’ব;
কাণফুলি, খাৰু, ওৰণি,
তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;
তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবোৰৰ মাজত ব্যাপিল; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ বাবে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।”
মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা।
প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব।
আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে।
তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।