Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 14:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তেন্তে সেই একে তিনিজনলোক তাত থাকিলেও, মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিহি 14:16
13 পৰস্পৰ সংযোগসমূহ  

যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।


আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”


তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।


তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব।


তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”


যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।


তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’


আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’


বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।


এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন