Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 14:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়,

অধ্যায়টো চাওক কপি কৰক




যিহি 14:15
9 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।


সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।


এই দুই ঘটনা তোমোলোকলৈ ঘটিল- কোনে তোমালোকৰ বাবে বিলাপ কৰিব?- জনশুণ্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল। কোনে তোমালোকক শান্ত্বনা দিব?


আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।


মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।


মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”


তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব।


তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন