Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 14:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 “হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;

অধ্যায়টো চাওক কপি কৰক




যিহি 14:13
26 পৰস্পৰ সংযোগসমূহ  

সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”


মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।


পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।


কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।


তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।


তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’


পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।


এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।


হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।


যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।


তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,


বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোক সমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -


বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।


আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।


এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;


সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।


ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,


“মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।


আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”


তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’


আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;


মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন