Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 13:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?

অধ্যায়টো চাওক কপি কৰক




যিহি 13:18
11 পৰস্পৰ সংযোগসমূহ  

বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।


তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”


যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।


শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।


অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’


এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।


মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।


তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।


কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।


সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন