Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 13:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম।

অধ্যায়টো চাওক কপি কৰক




যিহি 13:11
19 পৰস্পৰ সংযোগসমূহ  

আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।


চোৱা, প্ৰভুৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।


পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।


পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।


যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।


কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব।


মেঘ-গৰ্জ্জন, ভূমিকম্প, মহাশব্দ, বা’মৰলী বতাহ, ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই দণ্ড দিয়া যাব।


কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।


সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।


তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।


পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।


যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?


তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।


চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”


এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন