Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 12:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খানিব। তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব।’

অধ্যায়টো চাওক কপি কৰক




যিহি 12:12
11 পৰস্পৰ সংযোগসমূহ  

পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।


কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগী কেইজন অৰামীয়াসকলৰ ছাউনিত গৈ উপস্থিত হ’ল। তেওঁলোকে ছাউনিৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে।


কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে; পোহৰ কি, সিহঁতে নাজানে।


আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।


কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”


চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”


পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।


পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।


সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।


তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।


তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন