Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 10:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।

অধ্যায়টো চাওক কপি কৰক




যিহি 10:22
9 পৰস্পৰ সংযোগসমূহ  

যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।


তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।


জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।


তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।


ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।


তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।


প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।


তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।


আৰু মই দৰ্শনত দেখা পদাৰ্থৰ দৰে, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰ দৰেই এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন