11 তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।
তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।