Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।

অধ্যায়টো চাওক কপি কৰক




যিহি 1:10
20 পৰস্পৰ সংযোগসমূহ  

প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।


প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল।


কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।


সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”


প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।


হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা


কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।


য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।


ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?


গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।


পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে, মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”


যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।


সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।


সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।


দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।


যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।


হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।


কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।


এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন