Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 55:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে,

অধ্যায়টো চাওক কপি কৰক




যিচ 55:10
13 পৰস্পৰ সংযোগসমূহ  

মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।


তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা,তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।


আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।


তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।


কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।


তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।


মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।


তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”


যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম; মই আকাশ-মণ্ডলক উত্তৰ দিম; আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,


যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন