Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিচ 5:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যি সকলে কয়, ঈশ্বৰ লৰালৰি কৰক, তেওঁৰ কাৰ্য শীঘ্ৰে কৰক,সেয়ে আমি ইয়াক ঘটা দেখিবলৈ পাম; আৰু আমি যেন জানিব পৰো তাৰ বাবে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ কল্পনাই আকৃতিলৈ আহক।”

অধ্যায়টো চাওক কপি কৰক




যিচ 5:19
13 পৰস্পৰ সংযোগসমূহ  

গতিপথৰ পাৰ ঘূৰি আহাঁ, পথৰ পৰা ঘূৰি আহাঁ; ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।”


যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।


চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”


কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?


“যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।


পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।


“হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’


“হে মনুষ্য সন্তান, চোৱা! ইস্ৰায়েল-বংশই কয়, ‘তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।’


তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”


তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন