Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 48:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে? বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ণ কৰিব।

অধ্যায়টো চাওক কপি কৰক




যিচ 48:14
17 পৰস্পৰ সংযোগসমূহ  

সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।


তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।


যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”


মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।


তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।”


আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।


ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”


পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।


হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”


চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন