18 কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে।
হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।
“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?
মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব?
মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল।
এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”
কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”