Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 37:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?

অধ্যায়টো চাওক কপি কৰক




যিচ 37:13
10 পৰস্পৰ সংযোগসমূহ  

দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।


হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত? চফৰ্বয়িমৰ দেৱতাবোৰ ক’ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিছিল?


কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?


হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”


হমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত আছে? চফৰ্বয়িম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক’ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিলে?


অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।


মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?”


হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে।


সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন