5 তুমি কেৱল মূল্যহীন কথা কোৱা, তুমি কোৱা যে যুদ্ধৰ কাৰণে পৰামৰ্শ আৰু শক্তি আছে। এতিয়া তুমি কাৰ ওপৰত নির্ভৰ কৰা! মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনে তোমাক সাহ দিলে?
আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।
যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?