10 সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।
সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।
তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।
তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!
সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”
আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।”