18 তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।
তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।
তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে।
আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।
মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
চোৱা, সন্ধ্যাপৰত ত্ৰাস হ’ব; আৰু ৰাতিপুৱা নহওঁতেই তেওঁলোক গুচি যাব। এয়ে আমাক লুট কৰাসকলৰ অংশ, আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ।
ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷
তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।