8 সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব,আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?
কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।
হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”