Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 3:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।

অধ্যায়টো চাওক কপি কৰক




যিচ 3:16
16 পৰস্পৰ সংযোগসমূহ  

ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।


“তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷”


হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।


সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!


কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।


তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।


পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।


সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,


দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে।


বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।


কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।


“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।


সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।


অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন