13 যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।
যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
তোমালোকৰ ঈশ্বৰ,তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে,তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতি সমূহৰ বিচাৰ কৰিবলৈ বহিম।
যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল, যিহোৱাৰ অভিযোগ শুনা; কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে, আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।