1 কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?
এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোক সকলৰ পান কৰিবলৈ পানী নাছিল।
তোমালোকৰ ঈশ্বৰ,তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে,তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।
তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
“হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;
মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
“মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? প্ৰসৱ কৰা মহিলাৰ দৰে, তোমালোকৰ যে আকস্মিক বেদনা হৈছে; তোমালোকৰ মাজত কোনো ৰজা নাই নে? আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ’ল নে?