Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 26:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহহে প্ৰসৱ কৰিছিলোঁ; আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই, নাইবা পৃথিৱীৰ নিৰ্বাসীসকল পতিত হোৱা নাই।

অধ্যায়টো চাওক কপি কৰক




যিচ 26:18
12 পৰস্পৰ সংযোগসমূহ  

নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।


হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।


কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।


তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।


তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।


তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিঃশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।


তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।


কিন্তু চৌলে ক’লে, “আজি কাৰোঁ প্ৰাণদণ্ড নহ’ব কিয়নো আজি যিহোৱাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে।”


আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷


জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন