13 কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়।
বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।
সেই দিনা এই দৰে হ’ব যাকোবৰ গৌৰৱ অতি দুৰ্ব্বল হ’ব, আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ’ব।
সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।
যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব; যি দৰে এলা আৰু ওক গছ কটা হ’য়, কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়।”
আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।
কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।
যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
মোৰ সন্তাপ হ’ল! কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ।
সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য।