Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 22:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।

অধ্যায়টো চাওক কপি কৰক




যিচ 22:25
15 পৰস্পৰ সংযোগসমূহ  

মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।


তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী, আৰু ডিমৰু গছৰ তলত বহিব। কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব; কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল,


মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।


তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।


মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”


তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।


এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।


এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”


মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।


কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)


তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন