11 তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,
হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।
তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;
যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা।
যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।
পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।