3 এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ।
হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
আমি তেওঁলোকৰ যশস্যা শুনিছোঁ। আমাৰ হাত দুৰ্ব্বল হ’ল। যাতনাই, প্ৰসৱকাৰীণীৰ বেদনাৰ দৰে বেদনাই আমাক ধৰিছে।
মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।
প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব।
যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।