10 যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা।
কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
আৰু সাঁতোৰা মানুহে যিদৰে সাঁতুৰিবলৈ হাত দুখন মেলে, সেই দৰে তেওঁ তাৰ মাজত নিজৰ হাত মেলিব; কিন্তু যিহোৱাই তেওঁৰ নানাবিধ হাতৰ কৌশলেৰে সৈতে তাৰ গৰ্ব্ব খৰ্ব্ব কৰিব।
কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক, তেওঁলোক সকলোৱেই গাতত ধৰা পৰিল, আৰু বন্দীশালত বন্দী কৰা হ’ল; তেওঁলোকক লুট কৰা হ’ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে; আৰু কোনেও নকয় “ওভোটাই দিয়া” বুলি।
কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
“যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহংকাৰ আৰু যিৰূচালেমৰ মহা অহংকাৰ নষ্ট কৰিম।
বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”
তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।
তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব।