Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিচ 17:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্ত্তালৈ মনযোগ দিব, আৰু তেওঁলোকৰ চকুৱে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব।

অধ্যায়টো চাওক কপি কৰক




যিচ 17:7
21 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।


এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।


আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;


যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।


তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,


ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”


তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।


“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।


যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।”


কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন