11 সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুঃখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।
ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।
ইফ্ৰয়িমক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব; তেওঁলোকৰ সন্তান জন্ম হ’লেও, মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”
বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।
আপোনালোকে দ্ৰাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল’ব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব; কিয়নো পোকে তাক খাই পেলাব।