Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 14:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।

অধ্যায়টো চাওক কপি কৰক




যিচ 14:20
13 পৰস্পৰ সংযোগসমূহ  

পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।


স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।


তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!


কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।


হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।


তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।


কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।


প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্মি আৰু কুকৰ্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত দণ্ড দিবলৈ উদ্যত হৈ থাকিব।


তথাপি তেওঁ জ্ঞানবান, তেওঁ দুর্যোগ ঘটাব, আৰু নিজৰ বাক্য প্রত্যাহাৰ নকৰিব। কিন্তু কুকৰ্মীবোৰৰ বংশৰ বিৰুদ্ধে আৰু পাপ কার্য কৰিবলৈ সহায় কৰা সকলকৰ বিৰুদ্ধে তেওঁ উঠিব।


লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।


পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন