Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিচ 1:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।

অধ্যায়টো চাওক কপি কৰক




যিচ 1:14
13 পৰস্পৰ সংযোগসমূহ  

আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।


হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।


কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম; আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰীয়েলৰ দৰে হ’ব।


তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।


কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।


যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”


সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?


মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।


তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।


চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম।


মই তোমালোকৰ পর্ববোৰ ঘিণ কৰোঁ, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম-সভাবোৰত আনন্দ নকৰোঁ।


মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।


তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন