Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 8:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 8:20
11 পৰস্পৰ সংযোগসমূহ  

ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।


তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।


তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’


ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।


মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”


এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”


তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”


কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।


তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।


তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন