3 কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰোঁ, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”
মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
সজাগ হোৱা, সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজন্মসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাবক খোচা জন আপুনিয়ে নে?
তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।