Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 7:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 7:21
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”


আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।


তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।


কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।


তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।


তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।


মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন