30 কিন্তু মোচিয়ে যিহোৱাক কৈছিল, “মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰৌণে মোৰ কথা কিয় শুনিব?”
মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
মোচিয়ে যিহোৱাক ক’লে, “যদি ইস্ৰায়েলী লোক সকলেই মোৰ কথা নুশুনে; তেনেহ’লে ফৰৌণে মোৰ কথা কিয় শুনিব? যিহেতু মই কথা কোৱাত নিপুণ নহয়।”
মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।
তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”