Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 6:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 6:27
12 পৰস্পৰ সংযোগসমূহ  

কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।


মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।


যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।


তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।


তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।


এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”


যিহোৱাই মোচি আৰু হাৰোণৰ লগত কথা পাতিলে; আৰু মিচৰ দেশৰ পৰা ইস্রায়েলী লোক সকলক উলিয়াই দিবলৈ ইস্ৰায়েলী লোক আৰু মিচৰ দেশৰ ৰজা ফৰৌণৰ বাবে তেওঁ আজ্ঞা দিলে।


মিচৰ দেশত যেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতিছিল,


তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।


চমূৱেলে লোকসকলক ক’লে, যিহোৱাই মোচি আৰু হাৰোণক নিযুক্ত কৰিছিল, আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।


তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন