2 ঈশ্বৰে মোচিৰ সৈতে কথা পাতি তেওঁক ক’লে, “মই যিহোৱা।
পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
যিহোৱা পৰাক্ৰমী বীৰ; যিহোৱা তেওঁৰ নাম।
তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
মই যি দেশ অব্ৰাহাম, ইচহাক, আৰু যাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম, আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম; ময়েই যিহোৱা’।”
মই যিহোৱা, এয়ে মোৰ নাম; আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ।
মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।