Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 40:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 40:15
15 পৰস্পৰ সংযোগসমূহ  

সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”


“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।


এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে।


মল্কিচেদকৰ পিতৃ, মাতৃ বা তেওঁৰ পূর্বপুৰুষৰ কোনো বংশতালিকা নাছিল। তেওঁৰ আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথি-পত্র নাই। ঈশ্বৰৰ পুত্রৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত।


যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”


তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।


হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।


এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।


তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।


তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা।


মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।


তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন