12 আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
একেদৰেই উত্তৰদিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
চোতালখনৰ পূৱদিশও পঞ্চাশ হাত দীঘল আছিল।