18 তাৰ এফালৰ পৰা তিনটা শাখা, আৰু আনফালৰ পৰা তিনটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল।
দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব।
তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে।
তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে।
“তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”