Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 35:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 35:31
13 পৰস্পৰ সংযোগসমূহ  

সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷


তেওঁ দান বংশৰ এগৰাকী মহিলাৰ পুত্ৰ৷ তেওঁৰ পিতৃ তূৰীয়াৰ মানুহ আছিল৷ তেওঁ সোণ, ৰূপ, পিতল, লোহা, শিল, কাঠ আৰু বেঙেনা বৰণীয়া ও নীল বৰণীয়া সূতা, মিহি শণ সূতা আৰু সেন্দুৰ বৰণীয়া সূতাৰ কাম কৰাত নিপূণ৷ আৰু তেওঁ সকলো বিধৰ বাখৰ কটাত আৰু সকলো ৰূপাংকন কৰা কাৰ্যত তেওঁ নিপূণ। তেওঁক আপোনাৰ নিপুণ কর্মীসকলৰ লগত আৰু মোৰ প্ৰভু, আপোনাৰ পিতৃ দায়ূদৰ জ্ঞানী লোকসকলৰ লগত ঠাই দিয়া হওঁক।


সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।


তেওঁৰ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে, আৰু তেওঁ তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে।


মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।


মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।


তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।


তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।


যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।


হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন