25 প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
সেয়ে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।”
চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।