9 মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।
তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।
লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।”
পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।
পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।