23 তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?
চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?
কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।