Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 33:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 33:10
7 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলৰ গোটেই সমাজ থিয় হৈ থাকোতে ৰজাই এইদৰে গোটেই সমাজলৈ চাই আশীৰ্ব্বাদ কৰিছিল।


চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে।


তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।


যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।


মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।


তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।


কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন