Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 32:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 32:28
12 পৰস্পৰ সংযোগসমূহ  

যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।


তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।


তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”


তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”


মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”


তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।


তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।


হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।


আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকাৰ কৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়াসকলক দিবা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন