29 সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।
তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”
মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।
তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব।
হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”
মোচিয়ে অভিষেকাৰ্থক তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে।
তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।
হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?