2 সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।
তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।”
যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”
তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল।
“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
“কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?
মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷
পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।